উন্মাদৰ বাবে এদিন
মোৰ বৰকৈ টোপনি ধৰিছিল| ওৰে ৰাতি কথা পাতি পাতি আচলতে মোৰ মনটো ভাগৰি গৈছিল|
তাইক ক’লোঁ- “তুমিও অলপ জিৰাই লোৱা| মই অলপ বাগৰ দি লওঁ|”
তাইৰ হেনো টোপনি নাই| তাইৰ টোপনিয়েই নাহে| সেই টোপনি নহাৰ কথাকেই ওৰে ৰাতি পাতি পাতি মোৰ টোপনি আহিছিল|
বাগৰ দিয়াৰ লগে লগে টোপনি আহিল| টোপনিৰ লগতে সপোনো আহিল|
দেখিলোঁ- এবস্তা কাপোৰ টানি চোঁচৰাই বেলকনিলৈ নি তাই তললৈ দলিয়াব ধৰিছে| মানুহবোৰে কাপোৰবোৰ ধৰি নিজৰ কৰি ল’বলৈ থপিয়াথপি কৰিছে| এসময়ত বস্তাৰ কাপোৰ শেষ হ’ল|
মানুহবোৰে হাত মেলি খুজিয়েই থাকিল| এইবাৰ তাই নিজৰ শৰীৰৰ কাপোৰবোৰ আঁজুৰিবলৈ ধৰিলে|
টোপনিতে মই গোঙাবলৈ ধৰিলোঁ: “তেনেখন নকৰিবা অলকানন্দা! মানুহবোৰৰ কাৰণে মাথোন এটা চৰিত্ৰ হৈ নপৰিবা|”
তাই ভ্ৰুকুটি টানি উভতি ধৰিলে: “কিন্তু, মানুহবিলাকে দেখোন হাতচাপৰি বজাইছে?”
মোৰ মুখত মাত নোহোৱা হ’ল| এইক বুজাবলৈ চেষ্টা কৰি লাভ নাই| বেলকনিলৈ গৈ তাইক আঁতৰাই মোৰ কাপোৰবোৰ এপদ এপদকৈ সোলকাব ধৰিলোঁ| এইবাৰ তলত থিয় দি থকা মানুহবোৰে মোলৈ চাই হাতচাপৰি বজাবলৈ ধৰিলে| দুই এটাই কিৰিলিও পাৰিলে| উন্মাদনা লাহে লাহে বাঢ়ি গৈ থাকিল|
তাইলৈ কেৰাহিকৈ চালোঁ|
তাইৰ চকু সেমেকি উঠিছে|
তাই যেন কিবা এটা বুজি পাইছে|
মোৰ সমস্ত কাপোৰ খুলি তললৈ দলিয়াই দিলোঁ|
মানুহবোৰে উত্তেজনাত উকিয়াই আছিল|
তাই আৰু ৰৈ থাকিব নোৱাৰিলে|
বস্তাটোৰে মোক ঢাকি তাই ঘৰৰ ভিতৰলৈ টানি আনিলে|
এইবাৰ আমি ইটোৱে সিটোক ধৰি হুকহুকাই কান্দি পেলালোঁ
মায়াই নিপিন্ধে মুখা
নিদ্ৰা|
তাইৰ নাম নিদ্ৰা মায়া|
বয়স আঠাইশ বছৰ| ছোৱালীজনীয়ে ফটো বৰ ধুনীয়াকৈ তুলিব জানে| নিজকে সজাবও জানে| প্ৰতিখন ফটোতে নিদ্ৰাৰ প্ৰাণোচ্ছল্লতা প্ৰকাশ পাইছে| ৰণ্টুমণিয়ে প্ৰাণ ভৰি এফালৰ পৰা চাই গৈছে, ইখনৰ পিছত সিখন ফটো| আঙুলি যেন থমকি ৰ’ব খোজা নাই|
এখন ফটোত সি ৰৈ গ’ল| নিদ্ৰাই গোলাপী টপ এটা পিন্ধিছে, ঠিক সোঁমাজতে আমেৰিকান গায়িকা কেটী পেৰীৰ ফটো, বাওঁহাতত বিশ-পঁচিশডাল ৰং বিৰঙী পাতল খাৰু| তালৈকে ঠিকেই আছিল| কিন্তু নিদ্ৰা থিয় হৈ থকা ঠাইৰ ঠিক পিছফালে কিতাপৰ ৰেকত কেইবাখনো হেৰী প’টাৰৰ কিতাপ- হয়তো গোটেই চিৰিজটোৱেই সজাই থোৱা হৈছে| ৰন্টুৰ মনটো টেঙাই গ’ল| হেৰী প’টাৰ পঢ়া ছোৱালী সি দেখিব নোৱাৰে| অবান্তৰ কল্পকাহিনীত বিশ্বাস কৰা বান্ধৱী তাক নালাগে| তাক লাগে প্ৰেক্টিকেল ছোৱালী- যি তাৰ দৰে চিন্তা কৰে, ৰ’ক শুনে, ফিজিক্স অধ্যয়ন কৰ আৰু যি অন্ধৰ দৰে ভগৱান নাইবা যাদুত ভোল নাযায়|
চিগাৰেট এডাল জ্বলাই ৰন্টুৱে ভাবিলে- ক’লৈ যোৱা যায়? মৃণালৰ ঘৰত কালি সন্ধিয়া মজলিছ বহিছিল… আজি পুনৰ তালৈকে গ’লে কামোৰ দিয়া হ’ব| তেন্তে ভেংকটেছ? না… মাত্ৰ দুপেগ খাই তেলুগু গানত নৃত্য কৰি বমি কৰি দিয়া ভেংকটেছৰ লগত নজমে| পাৰুল আৰু দিব্যাশাৰ ফ্লেটলৈ যাব পাৰি- পাৰুলে তাক অলপ অচৰপ চাগে ভালো পায়, যত্ন লয়, ৰ’ল বনাইও দিয়ে মাজে মাজে| তালৈকে যোৱা যাওক| পাৰুলক এটা মেছেজ পঠাই দি চিগাৰেটডাল বিশেষ ভংগীৰে ওঁঠত চেপি সি বাওঁভৰিৰ মোজাযোৰ পিন্ধিলে|
কিটিং…
লেপটপৰ পৰ্দাত নিদ্ৰাৰ মেছেজ- “কি কৰি আছা হেণ্ডচাম?”
অলপ আগতে মন টেঙালেও এতিয়া সেই এচিডিক ভাব ৰন্টুৰ জিভাৰ পৰা নোহোৱা হ’ল| ওঁঠৰ মাজত চিগাৰেট চেপি সি উত্তৰ দিলে- “ব’ৰ হৈ আছোঁ| এপাক ওলাই যাওঁ|”
“দুটা স্মাইলী… ইয়ালৈকে গুচি আঁহা| তোমাক ভাল ৰেষ্টুৰেন্ট এখনলৈ লৈ যাম|”
“এতিয়া? ছিংগাপুৰলৈ? ইউ মাষ্ট বি কিডিং…”
“ন’ট কিডিং……| কেতিয়া আহিবা কোৱা?”
“দুমাহৰ পিছত?”
“কিয়? তাৰ আগতে তোমাৰ প্ৰেমিকাই এৰি নিদিয়ে নেকি?”
“শ্বাট আপ! মইত কৈছোঁৱেই মোৰ কোনো মাশুকা নাই বুলি| এতিয়া মই যাওঁ…”
“বাৰু যোৱা…| পাৰুলৰ ঘৰ গৈ পোৱাৰ পিছত মোক পাহৰি নাযাবা কিন্তু…”
“নাপাহৰোঁ| এতিয়া বাই! মিছ ইউ!!” তিনিটা হাৰ্ট…… দুটা স্মাইলী…. পাৰফেক্ট!
লেপটপটো বন্ধ কৰি ৰন্টুৱে কাপোৰ সলাই দুৱাৰমুখ পালেগৈ|
চাবিৰে দুৱাৰ বন্ধ কৰি থাকোঁতে তাৰ মূৰত ঘপহকৈ কথা এটাই খুন্দিয়ালে-
“নিদ্ৰা মায়াই কেনেকৈ গম পালে যে সি পাৰুলৰ ঘৰলৈ…?”
মোবাইলটো উলিয়াই সি পাৰুলক ফোন লগালে: “হেল্লো… পাৰুল! ঘৰতে আছা নে?”
তাই উত্তৰ দিলে: “আজি মোক পাৰুল নহয়…. নিদ্ৰা মায়া বুলিয়েই মাতিবা…!”
ফোনটো জেপত ভৰাই বেকেটা হাঁহি মাৰি ৰন্টুৱে বুলেটখনত কিক মাৰিলে, “পাগল ছোৱালী ক’ৰবাৰ…….!”
ধপধপাই বুলেটখনৰ ইঞ্জিনটো নিদ্ৰা মায়াৰ ঘৰৰ ফালে আগুৱাই গ’ল|
ভালপোৱাবোৰ বিক্ৰী হ’বলৈ দিব নোৱাৰি
ট্ৰেইনিঙৰ কামত মানুহজনী ৪০০ কিমি দূৰৰ ঠাই এখনলৈ গৈছে, চাৰি দিন থাকিব| বিয়াৰ তিনিবছৰ হ’ল যদিও এতিয়ালৈকে পৰিয়াল-পৰিকল্পনা চলিয়েই আছে|
সাধাৰণতে সন্ধিয়া পুল খেলিবলৈ নাইবা লগৰকেইটাৰ লগত তিনিআলিৰ চলিহাৰ দোকানৰ পিছফালে আড্ডা পিটিবলৈ যোৱা মানুহটো আজি অফিছৰ পৰা সোনকালেই ঘৰলৈ আহিছে; ধূনা দিছে, শুকাবলৈ দিয়া কাপোৰবোৰ ভিতৰলৈ আনি জাপি কুছি থৈছে| কুকুৰা হাঁহৰ গঁৰাল ভালদৰে পৰীক্ষা কৰি পাকঘৰত সোমাই আলু দুটা মচমচীয়াকৈ ভাজি লৈ নিজৰ পঢ়া কোঠাত গিলাচ এটাৰে বহি মানুহজনীয়ে সাত বছৰ আগতে দিয়া চিঠিবোৰ উলিয়াই চকু ফুৰাইছে, মাজে মাজে চিঠিৰ পৰা সৰি পৰিছে শুকান গোলাপ, নাৰ্জীৰ জৰাজীৰ্ণ পাপৰি, তাক আকৌ সামৰি মানুহটোৱে আলফুলে যতন কৰি ভৰাই থৈছে| ৰাগীৰ লগতে তাৰ মনটো কবিতাৰ দৰেই ৰোমান্টিক হৈ পৰিছে| চাৰে আঠ বজাত ভাত ৰান্ধিবলৈ সোমোৱাৰ আগতে সি মানুহজনীক ফোন কৰি পাঁচ মিনিটমান কথা পাতি ল’লে|
বচ, সিমানেই… ৰাতি যেতিয়াই তেতিয়াই সিও ফোন কৰি মানুহজনীৰ খবৰ লৈ নাথাকে, তাইও তাক ফোন কৰি নাথাকে| কৰিবৰ প্ৰয়োজনেই নাই| কেতিয়াও সন্দেহৰ কোনো ভাইৰাছ সিঁহতৰ সম্বন্ধত সোমাবলৈ নিদিয়ে বুলি দুয়ো বহু আগতেই ঠিৰাং কৰি থৈছে, চাৰিদিন কিয়, চাৰিবছৰ আঁতৰত থাকিলেও যে সিঁহতৰ মাজৰ ভালপোৱা নকমে, বা ইটোৱে সিটোক ঠগিবপৰাকৈ কোনো কামেই নকৰে, সিঁহতে ভালদৰেই জানে…
বিশ্বাস, আজিকালিৰ বজাৰত পাবলৈ টান, পালেও ভেজাল হোৱাৰ সম্ভাৱনা অনেক বেছি!
ভালপোৱাবোৰ বিক্ৰী হ’বলৈ দিব নোৱাৰি!
——————————————————————————————————————————-
Disclaimer : The opinions expressed here belong solely to the author(s) and are not to be taken as the stated position(s) of Magnon or its subsidiaries.
July 18, 2019 — magnon