শ্বপিং মল

 

শ্বপিং মলটোৰ পৰা ওলাই আহি সুধামণিয়ে যোৱা ৩০ মিনিটৰ কথা মনত পেলালে| স্বত:স্ফূৰ্তভাৱে তাইৰ ওঁঠত এটি হাঁহি খেলাই গ’ল|

দেওবাৰ বুলি মলটোত ভিৰ বেছি| অন্যমনস্ক হ’লেই কোনো অচিনাকি ব্যক্তিৰ লগত খুন্দা খাই যোৱাৰ সম্ভাৱনা| সেইয়াই হ’ল|

সুধামণিৰ শাৰীখনৰ আগটো কাৰোবাৰ ট্ৰলীৰ চেপাত ফচি থাকিল|

অপ্ৰস্তুত হৈ শাৰীখনৰ আগটো টানি টানি তাই ক’লে: আই এম ছ’ৰী|

সিফালৰ পৰা উত্তৰ আহিল: নাই, ম‍ই হে ছ’ৰী| অলপ অন্যমনস্ক হৈ আছিলোঁ| বেয়া নাপাব|

প্ৰত্যুত্তৰত সুধামণিয়ে হাঁহি এটা মাৰিলে|

“মোৰ নাম তৰুণ| ইয়াৰ এছিষ্টেণ্ট মেনেজাৰ…| আপোনাক কিবা হেল্প কৰিব পাৰিম নেকি?” 

“নাই নাই… ম‍ই নিজেই বিচাৰি ল’ব পাৰিম| আপোনালোকৰ ষ্ট’ৰখন যথেষ্ট ডাঙৰ| আজি ভিৰো ইমান বেছি হৈছে|”

“অঁ হয়… যোৱা দুদিনৰ পৰা বিশেষ ৰেহাই দি আছে| ফ্ৰেঞ্চাইজটো গুৱাহাটীত খুলিয়েই গ্ৰাহকক অলপ স্পেছিয়েল ট্ৰীটমেন্ট দিবৰ বাবেই আচলতে এই আয়োজন|”

“খুব ভাল কৰিছে… মোৰ কিন্তু দাম আৰু বস্তুবিলাক পছন্দ হৈছে|”

“হয় নেকি? ধন্যবাদ…| আপুনি বজাৰ কৰক, ম‍ই তাতে আছোঁ…|”

“বাৰু তৰুণ…| আকৌ লগ পাম|… অ’হ, একচুৱেলি…”

“একচুৱেলি কি? কিবা অসুবিধা মেডাম?”

“মোক বস্তু এটা লাগিছিল… বিচাৰি পোৱা নাই…|”

“কি বস্তু বাৰু?”

“এনেকৈ ক’ব নোৱাৰি|” সুধা এখোজ আগুৱাই আহিল, তৰুণৰ কাণৰ কাষত ফুচফুচাই কিবা এটা ক’লে| সুধাৰ পাৰফিউমৰ গন্ধ তৰুণৰ নাসিকাৰে ভিতৰলৈ সোমাই গ’ল|

সুধাক তেতিয়া হে সি ভালদৰে চালে, কাজলসনা চকুৰেও ছোৱালীজনীয়ে তাক যেন কিবাকিবি কৈ আছে| তাৰ বুকুখন অলপ কঁপি উঠিল, হৃদপিণ্ডটো যেন এক মূহুৰ্তৰ বাবে কোনোবাই গৰম কেৰাহী এখনত থৈ হে দিলে|

“ব’লক না… আপোনাৰ একো অসুবিধা নহয় যদি!” সুধাই তালৈকে চাই আছে… সি যে তাইক আপাদমস্তক চাই বিভোৰ হৈ পৰিছিল, সেই কথাটো তাই ধৰিব পাৰিছে বুলি অলপ লাজ লাগিল তাৰ|

“কিন্তু এতিয়া… এতিয়া যে মোৰ ডিউটী টাইম… আৰু হেভী ৰাশ্ব…| মেনেজাৰে গম পালে…|”

“উমম… একো নহয় ব’লা না… সোনকালেই উভতি আহিবা তুমি|” আপুনিৰ পৰা তুমি হোৱাৰ সন্তোষত তৰুণৰ চফল যৌৱন হঠাতে যেন সেউজ হৈ উঠিল|

“ঠিক আছে ব’লক| মোৰ পিছে পিছে আহক|”

মেকুৰী খোজেৰে তৰুণ আগবাঢ়িল| কৰ্মচাৰীৰ বাবে দুটা কোঠা আছে- এটা প্ৰথম মহলাত আৰু এটা ইয়াত| অফিছলৈ আহিয়ে কৰ্মচাৰীসকলে এই দুটা কোঠাতে পোছাক সলাই লয়| ভাগৰ লাগিলে বা কিবা কাম থাকিলে মাজে মাজে আহে| আজি ভিৰ বাবে এই কোঠা দুটা দিনটো খালী হৈয়েই আছে বুলিব পাৰি|

দুৱাৰখন সন্তৰ্পণে খুলি তৰুণে ভিতৰত কোনোবা আছে নেকি চাই ল’লে|

সুধামণি লয়লাস ভংগীৰে তাৰ পিছে পিছে সোমাই গ’ল| 

ভিতৰৰ পৰা দুৱাৰখনৰ খিলি লগাওঁতে তৰুণৰ হৃদয়ত বাজি উঠিল গীটাৰৰ ঝংকাৰ… ব্ৰায়ান আদামছৰ গান… লেটছ মেক এ নাইট টু ৰিমেম্বাৰ|

কিছুসময়ৰ পাছত সুধামণি ওলাই আহিল| দুৱাৰ খুলি ইফালে সিফালে কোনোবাই দেখিছে নেকি চাই ল’লে|

খৰধৰকৈ ওলাই তাই ৰাজপথ পালেহি| 

শ্বপিং মলটোৰ পৰা ওলাই আহি সুধামণিয়ে যোৱা ৩০ মিনিটৰ কথা মনত পেলালে| স্বত:স্ফূৰ্তভাৱে তাইৰ ওঁঠত এটি হাঁহি খেলাই গ’ল|

তৰুণ কেতিয়াও সেই কোঠাটোৰ পৰা ওলাই নাহিল| তাৰ মৃতদেহটো পুলিছে সন্ধিয়া পষ্টমৰ্টেম কৰিবৰ কাৰণে ষ্ট্ৰেছাৰত উঠাই উলিয়াই আনিবলগীয়া হ’ল|

__________________

– শান্তনু চাংমাই

Leave a Reply

Your email address will not be published. Required fields are marked *